পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘো বেনে তেনে ভাৱেই ললেই হয়; আৰু পৰমেশ্বৰৰ নাম লব লাগিব বুলি আগদিনা সংষম হৈ থকাৰৰ দৰকাৰ নাই; পৰমেশ্বৰক একান্ত মনে আশ্ৰয় কৰি যেতিয়াই তেতিয়াই য’তে ত’তে যেনে ভাৱেই হওক তেওঁৰ নাম-গুণ ললেই সিদ্ধি লাভ কৰিব পাৰি। যোগ্ৰন্তৰেহপি তোগাদি সম্পাদনং শক্যং। জ্ঞ নৰ্থং তত্ৰৈব যতিত ব্যমিত্যাহ।২৯ শঙ্কা [ ২৯ ] বিষয় সম্বন্ধ সুখ সমস্ত যোনিত পায় হৰি সেৱা এক স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেলে মনুষ্য জন্ম জানি ফুৰ হৰি গুণগাই। সমস্ত যোনি-সকলো ইন্ম। বিষয় সম্বন্ধ সুখ-ভোগ। বস্তুৰ অৰু মিলনৰ সুখ। জীৱে পশু, কট, পতঙ্গ, মানুহ সকলো জন্মতে চৰ্ব্ব, শেষ্য, লেহ, পেয় আদি ভাগ্য বস্তুৰ আৰু ৰতি সম্ভোগ ক্ষণিক সুখ পায়। মানৱ জন্মত জীৱে এইবোৰ পোৱাৰ উপৰিও জ্ঞান, বুদ্ধি বিবেচনা বৰ বেচিকৈ পায়। এই জন্মত জীৱে ইচ্ছা কৰিলে চিন্তা কৰি নিজক চিনি পাব পাৰে। আত্ম চিন্তা কৰোঁতে কৰোঁতে জীৰে ভগৱানৰ দৰ্শন লাভ কৰিব পাৰে। আনবোৰ জন্মত ঈশ্বৰ