পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 আমাৰ এই তৰ্পণৰ জল-ফুল গোটাওঁতে পৰম পুজ্যপদ শ্ৰীল শ্ৰীযুক্ত দক্ষিণপটীয়া সত্ৰাধিকাৰে পঞ্চাশ টকা, পৰম পুজ্যপাদ শ্ৰীল শ্ৰীযুক্ত আউনিআটীয়া সত্ৰাধিকাৰে পঁচিশ টকা আৰু যোৰহাটৰ পৰম শ্ৰদ্ধাস্পদ দানশীল ৰায় বাহাদুৰ শ্ৰীযুক্ত শিৱপ্ৰসাদ বৰুৱা ডাঙৰীয়াই ডেৰ শ টকা সহায় কৰি আমাক কৃতজ্ঞতাপাশে আৱদ্ধ ৰাখিছে। এইসকলৰ সহায়-উৎসাহ নাপালে ৰাইজে আমাৰ অকিঞ্চিৎকৰ কাৰ্য্য দেখা নাপালেহেঁতেন।

 এই পুথিখনি ছাপাখানাত দিয়াৰ আগতে নলবাৰী সত্ৰাধিকাৰ পৰম পুজ্যপাদ শ্ৰীল শ্ৰীযুক্ত প্ৰতাপচন্দ্ৰ গোস্বামী দেৱে এবাৰ পঢ়ি মাজে মাজে কাট-কুট কৰি দিছিল; এই কাৰণে এইজনা উৎসাহদাতা জ্ঞানী- গুৰুৱে যাচি কৰা সহায়ৰ বাৰে চিৰ-কৃতজ্ঞ থাকলোঁ।

যোৰহাট ২০ মাঘ,

৪৭৯ শঙ্কৰাব্দ।

তৰ্পণ কৰোতা-

শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা


২য় সংস্কৰণ

 নানা কাৰণত সতীক নাম-ঘোষাৰ ২য় সংস্কৰণ উলিয়াবপৰা হোৱা নাছিল। শ্ৰীমান কালিৰাম বৈশ্য, অধ্যাপক চন্দ্ৰধৰ বৰা, শ্ৰীমান নগেন্দ্ৰনাথ চৌধুৰী আৰু শ্ৰীযুত কৃষ্ণৰাম মেধি ডঙৰীয়াই পুথিখনি একোবাৰ চাই দিছিল, সেইবাবে তেওঁলোকক ধন্যবাদ জনালোঁ।

২৭।৬।৫২

নলবাৰী

বিনীত-

শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা