পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৩
সটীক নামঘোষা


ময়ূৰে পেখন ধৰাৰ দৰে সেই মানুহে চৈতন্যস্বৰূপে ভগৱানৰ নাম শুনিলেই পৰম আনন্দ কৰে।

হৰিভক্তি ৰাজমাৰ্গে গুৰুপদ নখচন্দ্ৰিকা ধৌতে।
শ্ৰুতি জননী পদ পদ্ধতিমনুসৰতাং ন কুতঃ স্খলনং॥ ৬২১

[ ৬২১ ]

হৰিভক্তি ৰাজমাৰ্গ গুৰু- পদ নখ-চন্দ্ৰ প্ৰকাশিত
 শ্ৰুতি জননীৰ পদ পথ অনুসৰি।
ফুৰো হুয়া আমি আনন্দিত  স্খলন নাহিকে কদাচিত
 মহাজন সবে জানিবা নিশ্চয় কৰি॥

ৰাজমাৰ্গ-ৰাজবাট, বহল বাট, তাৰ উপায় শ্ৰেষ্ঠ পন্থ।
গুৰুপদ নখচন্দ্ৰ প্ৰকাশিত—গুৰুৰ চৰণৰ নখচন্দ্ৰৰে পোহৰ হোৱা অৰ্থাৎ গুৰুৰ চৰণ ৰা গুৰু পদসেৱা।

( ভগৱানে কৈছে )—
 বেৰৰ নিৰ্দিষ্ট বিধানমতে হৰিভক্তিৰ বহল বাটটো গুৰুৰ পদ নখচন্দ্ৰৰদ্বাৰা প্ৰকাশিত অৰ্থাৎ হৰ ভক্তিৰ প্ৰশস্ত উপায় গুৰুপ সেৱা; মই সেই গুৰুৰ লগতে আনন্দমনে ফুৰোঁ, তেওঁৰ আৰু মোৰ এৰা এৰি নাই; এই সাধুসকল, এই কথা নিশ্চয়কৈ জানিবা [ ভত্ত ভগৱানৰ অভিন, ভক্তহে গুৰুপদৰ যোগ্য; ভক্তক কৰ্ণধাৰ গুৰু কৰি আশ্ৰয় ললে বা তেওঁৰ পদ সেৱা কৰিলে তেওঁৰ কৃপাত ভগবান স্বৰূপ লাভ হয়।