পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
371
সটীক নামঘোষা


[ ৬১৮]

জানা শ্ৰীৰাম নাম নিজ  সমস্ত শাস্ত্ৰৰ মূল বীজ
 সঞ্জীৱনী প্ৰায় যাৰ মনে প্ৰবেশয়।
যদি হলাহল পান কৰে  প্ৰলয় বহ্নিত যদি পৰে
 মৃত্যুৰ মুখত প্ৰবেশিলে নাহি ভয়॥

 সকলো ধৰ্ম্ম শাস্ত্ৰৰ মূল বীজ শ্ৰীৰাম নাম, আৰু ই যাৰ মনত প্ৰবেশ কৰে (যি ইয়াক সুদৃঢ় ভাৱে বিশ্বাস কৰে, তাৰ পক্ষে সঞ্জীৱনী মণি সদৃঢ়; সঞ্জীৱনী মণি পিন্ধিলে যিদৰে মৃত্যুলৈ ভয় নাথাকে, সেইদৰে যি ৰামনাম বিশ্বাস কৰি একান্ত মনে লয়, তেওঁ বদি বিষ খায়, প্ৰলয় বহ্নিত পৰে আৰু মৃত্যুৰ মুখত উপস্থিত হয়, তথাপি তেওঁ ভয় নকৰে। কিয়নো তেওঁ আত্মাৰ বিনাশ নোহোৱা কথা জানে, আৰু ভগৱানক দৃঢ় বিশ্বাস কৰি তেওঁৰ নাম লৈ থাকিলে মৃত্যুৰ পাচত ভগৱানৰ আশ্ৰয় নেহেৰোৱা আৰু মৃত্যুৰ হাত সাৰা কথা তেওঁ জানে আৰু বিশ্বাস কৰে।

ন তথা ভাতি পূৰ্ণেন্দুৰ্ন্ন পূৰ্ণো দুগ্ধসাগৰঃ।
ন লক্ষ্মীবদনং কান্তং স্পৃহাহীনং যথা মনঃ [৬১৯

[ ৬১৯]

পূৰ্ণশশী পূৰ্ণদুগ্ধসিন্ধু সিমত প্ৰকাশ নকৰয়
 কমনায় লক্ষ্মী বদনো সিমত নয়।
ঈশ্বৰ কৃষ্ণৰ পাদপদ্ম  ভজি স্পৃহাহীন ভৈল সিটো
 সিটো মন গোট যিমতে শোভা কৰয়॥