পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭০
সটীক নামঘোষা


সকলো সাধন ভজন হয়); মোতে সদায় মন ৰাখি মোৰ নাম-গুণ অহৰ্নিশে গোৱাঁ; তোমাৰ আগত সকলে শাস্ত্ৰৰ এই সাৰকথা কলো।

ছবি

ভগৱদ্ভক্তিযুক্তস্য তৎপ্ৰসাদাদাত্মবোধতঃ।
সুখং বন্ধবিমুক্তিঃ স্যাদিতি গীতাৰ্থসংগ্ৰহঃ॥৬১৭

(৬১৭)

ভগৱন্ত ভক্তিযুক্ত  পুৰুষ আত্মবোধ
 মাধৱৰ প্ৰসাদে নিলয়।
কৃষ্ণৰ কৃপাত তেৱে  গুচয় সংসাৰ ভয়
 এহিমানে গীতাৰ নিৰ্ণয়॥

 ভগৱন্তত ভক্তি থকা লোকৰ ঈশ্বৰৰ কৃপাত আত্মজ্ঞান জন্মে; অৰ্থাৎ নিজ আত্মাক তেওঁ চিনি পায়; আৰু তেতিয়া ভগৱানৰ কৃপাত সেইলোকৰ সংসাৰ বন্ধনৰ (পুনঃ পুনঃ সংসাৰত জন্মা আৰু মৰা) ভয় গুচে; গীতা শাস্ত্ৰৰ এয়ে সিদ্বান্ত।

শ্ৰীৰাম নামাখিলঅমন্ত্ৰবীজং সঞ্জীৱনী চেন্মনসি প্ৰবিষ্টং।
হলাহলম্বা প্ৰলয়ানলং বা মৃত্যোমুৰ্খং বা বিশতাং কুতো ভয়ম॥ ৬১৮