পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ নামৰ ভৰাল 'হৈছে মুখ; অৰ্থাৎ মানুহে নাম লবলৈ ইচ্ছা কৰিলেই মুখৰ পৰা নাম আপোন'-আপুনি ওলাই পৰে। (৫৬১) যিসব চতুৰ নৰে বিষ্ণুক ভজয়। পৰম কৃতাৰ্থ ভৈল সিটো মহাশয়। ধিসকল বুধিয়কলোকে একান্ত মনে বিষ্ণুক উপাসনা কৰে, তেওঁলোকে তাৰ ফলত কৃতাৰ্থ হয় অৰ্থাৎ মুক্তিলাভ কৰে। কলিধৰ্ম (৫৬২) ৰাম কৃষ্ণ নাম ভকতৰ নৱনিধি। কলিযুগে বেকত কৰিল কোন বিধি॥ ৰাম কৃষ্ণ নাম ভৰ মনত মহামূল্য ঐশ্বৰ্য্যৰদৰে, এই শৰ বস্তু হৰিনাম কীৰ্ত্তনৰ পদ্ধতিটো কলিযুগত যি প্ৰকাশ কৰিলে অৰ্থাৎ লোকসমাজত প্ৰচাৰ কৰিলে, তেওঁ পৰম উপকাৰী বিধাতস্বৰূপ। (৫৬৩) ধষ্য ধন্য কলিৰ লোকৰ মহাভাগ। সৰ্ব্ব ধৰ্ম্ম ঠেলি ৰাম নাম ভৈল আগ। কলিত জন্ম লোকৰ ভগ্যকে প্ৰশংসা কৰিব লগে, কিয়নো সৰ্ব- শ্ৰেষ্ঠ বামনামেই কলিকালৰ নিমিত্তে বিহিত হৈছে—লোকসকলে এই সহজসাধ্য নাম-গুণ কীৰ্তন কৰিয়েই তৰিব পাৰে।