পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ ইন্দ্ৰিয় আদি একো নাথাকে, সকলোবোৰেই জড়। যেনেকৈ ৰঙা, নীলা আদি কোনো ৰঙৰ ওচৰত কঁচৰ মণি বলে সেই মণিয়েও সেই সেই ৰং ধৰে, তেনেক আমাৰ দেহত পৰমাৰ প্ৰতিবিম্ব পৰাৰ ফলত ইন্দ্ৰিয়াদি সক্ৰিয় হয় আৰু প্ৰকৃতিয়ে জীবাত্মা নাম প। কিন্তু ৰং আৰু কঁচমণিৰ বিভিন্ন হোৰৰদৰে পৰমাত্মা আৰু প্ৰকৃতি বিভিন্ন। [ ২৩ ] ৰাম কৃষ্ণ হৰি নাম সৰ্ব্ব ধৰ্ম্ম অনুপম সকল নিগমে সত্ত্ব সাৰ। যাত পৰে ধৰ্ম্ম নাহি আৰ। হেন নাম নুসুমৰি কমন ভৰা কৰি বৈয়া আছা ভৱ তৰিবাৰ। পৰমেশ্বৰৰ তত্ত্ব থকা সকলো নিগম শাস্ত্ৰৰ সাৰ মৰ্ম্ম হৈছে- পৰমাত্মা বা ভগৱানৰ ৰাম, কৃষ্ণ, হৰি আদি নাম; এই নামধৰ্ম্মক আন কোনো ধৰ্মৰ লগত তুলনা কৰিব নোৱাৰি, ই সকলো সূৰ্যতকৈ শ্ৰেষ্ঠ। এনে হেন সহজসাধ্য পৰম শ্ৰেষ্ঠ নাম স্মৰণ নকৰি সংসাৰ তৰিবলৈ অৰ্থাৎ মুক্তিলাভ কৰিবলৈ কিহৰ আশা কৰি বহি অছা? অৰ্থাৎ ৰাম নামেই কলিকালত মুক্তি লাভ কৰাৰ প্ৰধান উপায়, এনে নাম লবলৈ হেলা কৰা উচিত নহয়। তথাপি যৎপাদনবসৃষ্ট জগদ্বিৰিঞ্চোপহৃতাৰ্থনা। শেষং পুণাত্যন্যতমো মুকুন্দাৎ কো নাম লোকে তগৎ পদাৰ্থ।