পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৫
সটীক নামঘোষা

 হে হৰি, মই তোমাৰ চৰণ কিমতে ভজিম অৰ্থাৎ একান্ত মনে মই তোমাক কেনেকৈ চিন্তা কৰিম? মোৰ মন যে দুৰ্ঘোৰ মায়াই আৱদ্ধ কৰি থৈছে অৰ্থাৎ বিষয়ৰ চিন্তাত মোৰ মন আৱন্ধ থকাত মই তোমাক এক চিত্ত মনে যে ভাবিব নোৱাৰাত পৰিছেোঁ॥

[ ৫৪৬ ]

ৰাম বুলি তৰিবে দঢ়াই আছো মন।
তুমি হৰি দীনবন্ধু পতিত পাৱন॥

 ৰাম নাম একান্ত মনে জপ কৰি মুক্তি লাভ কৰিম বুলি দৃঢ় বিশ্বাস কৰি আছোঁ, কিয়নো প্ৰভু, তুমি দুখহাৰী, দুখীয়াৰ বন্ধু আৰু পতিত উদ্ধাৰ কৰোঁতা।

[ ৫৪৭ ]

পতিত পাৱন ৰাম কৃষ্ণ কৃপাসিন্ধু।
আমি পতিতক নছাৰিবা দীনবন্ধু৷৷

 হে পতিতপাৱন ৰাম কৃষ্ণ, তুমি কৃপাময়; মই পতিত; হে দুখীয়াৰ পৰম বন্ধু, মোক ত্যাগ নকৰিবা অৰ্থাৎ দাস বুলি মোক তোমাৰ চৰণত ঠাই দিবা

[ ৫৪৮ ]

হা হৰি মোৰ প্ৰাণজীৱন মুৰাৰি।
অনাথৰ নাথ ভকতৰ ভয়হাৰী॥

 হে মুৰ নামক দৈত্য বিনাশকাৰী, মোৰ প্ৰাণ আৰু জীৱন