পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৭
সটীক নামঘোষা

[৫৫২]

যি কৃষ্ণ নামৰ কল্লোল ৰোল শুনি।
বেঙ্কামুৱা যমদূতে পলায় আপুনি॥

 ভগৱান এনে শক্তিমান, যে তেওঁৰ ৰাম কৃষ্ণ আদি নাম একান্ত মনে উচ্চাৰণ কৰিলে কুন্ধচ যমদূতে ভয়তে আঁতৰি যায় অৰ্থাৎ জীৱৰ মৃত্যুভয় আপোন-আপুনি দূৰ হয়।

আত্ম উপদেশ

[ ৫২৩ ]

হৰিনাম এৰি মন কি কাম কৰস।
মায়া-মোহজালে পৰি মিছাত মৰস॥

 হে মন, জন্ম-মৃত্যু ভয় বিনাশন পৰম অমৃত তুল্য হৰিনাম কীৰ্ত্তন নকৰি কিয় বহি থাক? হৰিনাম কীৰ্ত্তন নকৰি এইদৰে সংসাৰৰ মায়া মোহত আৱদ্ধ হৈ অনাহকত সংসাৰত আয়াযাত কৰি নানা প্ৰকাৰ দুখ-দুৰ্গতিহে ভোগ কৰে।

[ ৫২৪ ]

হৰিনাম ধৰ মন আলাস নকৰ।
আশা নামে নদী মাজে মিছাতে নমৰ॥

 হে মন, এলাহ এৰি হৰিনাম কীৰ্ত্তনত মন দে, নদীৰ সোঁতত উটি যোৱাৰদৰে আশাত আৱদ্ধ হৈ কিয় মিছাতে সংসাৰত আয়াঘাত কৰি কষ্টভোগ কৰ?