পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা সদাচাৰী ব্ৰাহ্মণৰপৰা কদাচাৰী চণ্ডাললৈকে যিমান প্ৰকৃতিৰ মানুহ আছে, সকলোৰে পক্ষে ভগৱনৰ নাম-গুণ কীৰ্ত্তনৰ বাহিৰে আন একো উপকাৰী বস্তু নাই; অৰ্থাৎ পৰমেশ্বৰৰ নাম-গুণে যিদৰে সকলো শ্ৰেণীৰ লোককে পৰি কৰে, অন একোৱে কাকো তেনেকৈ পৱিত্ৰ কৰিব নোৱাৰে; সেই কাৰণেই ঈশ্বৰে নিজৰ গুণ-কীৰ্ত্তন শুনিলে ভাল পায়, অৰ্থাৎ একান্ত মনে নাম লওঁতাক তেওঁ দেখা দিয়ে; আৰু ভক্তৰ মনত ভগৱন্ত প্ৰাণ-স্বৰূপ; অৰ্থাৎ পঞ্চভূতৰপৰা উৎপন্ন হোৱা প্ৰাণ দেহৰ ভিতৰত থকাৰদৰে ভক্তে ভগৱানক নিজৰ দেহৰ ভিতৰত থকা উপলব্ধি কৰে (তগৱানৰ ভাৰত তন্ময় থাকে। স্পতি বৈ তনু তামজ সৰ্বয়েশ্চ। স্বাপ্যথাপি ভজতামসি ভাৱবন্ধু। ( ২২-২৩ ) [২২] যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আছন্ত প্ৰকাশি। তাতেসে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড়শি। ইন্দ্ৰিয়গণ-কৰ্মেন্দ্ৰিয় আৰু ভ্যানেশ্ৰিয়। কৰ্ম্মেন্দ্ৰিয়-হাত, ভৰি, মুখ, শৌচাৰ আৰু মূত্ৰধাৰ। জ্ঞানেন্দ্ৰিয়-চকু, নাক, জিভা আৰু চাল। ভূত-মাটি, পানী, বায়ু, তাপ আৰু আকাশ।