পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৯
সটীক নামঘোষা

[ ৪৭১]

ৰাম কৃষ্ণ নুবুলি তৰিবা কিসে সমে।
ৰাম নাম নলৈলে ধৰিয়া নিবে যমে॥

 কলিৰ পৰম ধৰ্ম্ম ভগৱানৰ ৰাম-কৃষ্ণ আদি নাম নলৈ এই কালত কিহেৰে মুক্তি লাভ কৰিব? ভগৱানৰ নাম নললে তোমাক যমে ধৰি নিব অৰ্থাৎ তুমি মৃত্যুৰ অধীন হৈ থাকিবা-মুক্তি লাভ কৰিব নোৱাৰিবা।

[ ৪৭২]

হৰিকো প্ৰকাশ কৰে ৰাম কৃষ্ণ নামে।
হেন নাম নলৈয়া মৰয় কোন কামে॥

 ভগৱানৰ ৰাম-কৃষ্ণ আদি নাম লওঁতে লওঁতে তেওঁৰ দৰ্শন মিলে; অৰ্থাৎ ঈশ্বৰক নিজৰ হিয়াত অনুভৱ কৰিব পৰা হয়,ভগৱানক প্ৰকাশ কৰিব পাৰা এনে শক্তিমান নাম নলৈ কিয় লোকে নিজৰ অনিষ্ট কৰে।

[ ৪৭৩ ]

গাৰো ভোট যৱনে হৰিৰ নাম লয়।
হেনয় হৰিৰ নাম সজ্জনে নিন্দয়॥

 গাৰো, ভোট আৰু জাতিভেদ নমনা মুছলমান, ইংৰাজ আদিয়ে হৰি নামৰ মহিমা বুজি নাম কীৰ্ত্তন কৰে। এনেকুৱা পৰম উপাদেয় সহজসাধ্য ভগৱানৰ নামক, নিজকে সজ্জন বোলাই ফুৰা কোনো কোনো লোকে নিন্দা কৰে। ইয়াতকৈ দুখৰ কথা কিবা আছেনে?


৪৭৩, ৪৭৪, ৪৭৫ এই তিনিটা ঘোষাত থকা সজ্জন শব্দটো নিজক
সজ্জন বুলি অভিমান সুৰত ব্যৱহাৰ কৰিছে।