পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩০৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সটীক নামঘোষা


 ভাই, শীঘ্ৰে ৰাম-কৃষ্ণ নাম একান্তমনে লোৱা, তেহে ভয়ঙ্কৰ মৃত্যুৰ বাটেদি নচলা হব অৰ্থাৎ মৰণৰ হাত সাৰিব পাৰিৰা বা মুক্তি লাভ হব।

[8৬০]

ৰাম কৃষ্ণ নাম ৰসে চিত্তক ভিজাৱ।
বোলা ৰাম কৃষ্ণ হৰি তেজি লাজ ভাব॥

 হে ভাই, লাজ ভাব এৰি ৰাম-কৃষ্ণ নাম একান্ত মনে লোৱা আৰু ৰাম-কৃষ্ণ নাম একান্ত মনে লৈ তেওঁৰ নামত তোমাৰ প্ৰীতি জন্মোৱা।

[ ৪৬১ ]

ৰাম কৃষ্ণ নামেসে স্বধৰ্ম্ম ভৈলা যাৰ।
যম কাল মায়াৰু গুচিল অধিকাৰ॥

 যি ৰাম-কৃষ্ণ আদি ভগৱানৰ নাম কীৰ্ত্তনকেই ধৰ্ম্ম বুলি বিশ্বাস

কৰি একান্তমনে নাম-কীৰ্ত্তন কৰা অভ্যাস কৰে, সেই মানুহ যম, কাল আৰু মায়াৰ হাত সাৰে অৰ্থাৎ তেওঁ মৃত্যুৰ হাত সাৰে; কলিকালৰ দোষবোৰে তেওঁক চুব নোৱাৰে আৰু মায়াতে তেওঁৰ আসক্ত নহয়।

[ ৪৬২]

ৰাম কৃষ্ণ নাম যাৰ থাকয় মুখত।
যম যম-দূতক নেদেখে স্বপনত॥

 ২০