মানুহৰ মুখ; নাম লবলৈ ইয়াতকৈ আৰু মানুহৰ কি সুবিধা হব পাৰে?
[ ৪৫১]
যি মুখে বুলিবা ৰাম সিমুখে ভাণ্ডাৰ।
সদায় ভাবিয়ো ৰাম ভয় নাহি আৰ॥
যি মুখেৰে ৰামনাম লোৱা য য় সেই মুখেই ৰাম নামৰ ভাণ্ডাৰ; নাম লবলৈ অন্য ঠাইলৈ নাম বিচাৰি যাব নালাগে। এতেকে সদায় ৰামনাম লৈ ভগৱানক ভাবা, সংসাৰৰ কোনো প্ৰকাৰ ভয়ে তোমাক ছুব নোৱাৰে।
[ ৪৫২]
ভাবিতে ভাবিতে ৰাম ৰস চড়ে আতি।
আনন্দে ভাবিয়ো ৰাম কিবা দিবা ৰাতি॥
ভগৱামৰ নাম একান্ত মনে একেৰাহে জপ কৰিলে নামত প্ৰীতি জন্মে, আৰু পাছলৈ নাম লবলৈ এনে ভাল লগা হয়, যে যিমানে লোৱা যায় সিমানে আৰু বেছিকৈ লবলৈ মন যোৱা হয়; এতেকে এনে ৰসযুক্ত নাম সদায় আনন্দমনে জপ কৰা।
[ ৪৫৩ ]
অনন্ত ৰসৰ নিধি ৰাম কৃষ্ণ নাম।
মুখ ভৰি ভৰিয়া সদায় বোলা ৰাম॥
ভগৱানৰ ৰাম কৃষ্ণ নাম ভক্তি ৰসৰ অনন্ত সাগৰ স্বৰূপ অৰ্থাৎ ৰাম কৃষ্ণ নাম জপ কৰোঁতে কৰোঁতে হৃদয়ত অপাৰ আনন্দ জন্মে;