পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০১
সটীক নামঘোষা


 ভগৱানৰ চৰণ পদ্মত আশ্ৰয় লোৱা আৰু তেওঁৰ নাম-গুণ কীৰ্ত্তনত মন দিয়া; অৰ্থাৎ ভগৱানত বিশ্বাস কৰি একান্তমনে তেওঁৰ নাম লোৱা।

[ ৪৪৮ ]

দুৰ্ল্লভতো দুৰ্ল্লভ হৰি গুণ নাম।
জানিয়া কীৰ্ত্তন কৰা তেজি আন কাম॥

 হৰিৰ নাম-গুণ অতি দুৰ্লভ অৰ্থাৎ যেই সেইটিৰহে হৰিৰ নামত প্ৰীতি ওপজে; ইয়াক জানি আন চিন্তা এৰি তেওঁৰ নাম-গুণ কীৰ্ত্তনত মন দিয়া।

[ ৪৪৯ ]

হৰি গুণ কীৰ্ত্তন কলিৰ নিজ ধৰ্ম্ম।
জানিবা সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম্ম॥

 হৰিৰ নাম-গুণ কীৰ্ত্তনেই কলিকালৰ উপযোগী ধৰ্ম্ম; ধৰ্ম্মৰ অন্যান্য যিবোৰ উপায় আছে, সেইবোৰ আন যুগৰ; আমাৰ সকলো ধৰ্ম্ম- শাস্ত্ৰৰ সাৰ তত্ত্ব এইয়ে।

[ ৪৫০ ]

ৰাম নাম লৈয়া পাপীজন তৰে সুখে।
হেন ৰাম নামৰ ভাণ্ডাৰ ভৈল মুখে॥

 ভগৱানৰ যি ৰাম নাম লৈ মহা মহা পাপীসকলে অতি অপ্ৰ য়াসে-সংসাৰৰপৰা উদ্ধাৰ হব পাৰে, তেনে ৰামনামৰ ভড়াল হৈছে