এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৬
সটীক নামঘোষা
[ ৪৩১]
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
জনম সফল হোক জপ অবিৰাম॥
ভগৱানৰ ৰাম কৃষ্ণ নাম সদায় জপ কৰা; তেওঁৰ নাম জপ কৰিলে তোমাৰ জন্ম সফল হব অৰ্থাৎ সংসাৰৰপৰা মুক্তি লাভ কৰিব পাৰিবা।
[৪৩২]
মাধৱৰ ৰঙা দুই চৰণে ধৰিয়া॥
ৰাম নাম ৰস পিয়ো অঞ্জলি ভৰিয়া॥
ভগৱানত একান্ত মনে আশ্ৰয় লৈ পনীয়া বস্তু আজলি ভৰাই পান কৰাৰ দৰে, তেওঁৰ নাম কীৰ্ত্তন কৰি নাম ৰস ( ভক্তি ৰস) পান কৰা।
[৪৩৩ ]
গুণময় সাধ্য সাধনক পৰিহৰি।
কৃষ্ণ কথা ৰস পিয়ো কৰ্ণাঞ্জলি ভৰি॥
সত্ত্ব, ৰজ, তম গুণময় তপ, জপ, যাগ, যজ্ঞ আদি বৰ কষ্টসাধ্য; ইয়াক ত্যাগ কৰি সহজসাধ্য ভগৱানৰ চৰিত কথা কাণেৰে শুনি, ভক্তি ৰস পান কৰা অৰ্থাৎ ভগৱানৰ কথা শুনি তেওঁৰ ভাবত তন্ময় হোৱা।
[ ৪৩৪ ]
যত জীৱ ৰাশি ফুৰে কুশলক চাই।
হৰি নাম বিনে আন মহা লাভ নাই