পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ সটীক নামঘোষ। কলি—মিছা, বেশ্যা, নিদ্ৰা, এলাহ, হিংসা, শোক, মোহ, ভয়, দৈন্ত এইবোৰ কলিৰ দোষ বা স্বভাৱ। মনে দৃঢ় কৰিয়া নিজ মনত সাৰ কৰি। ভগৱানৰ নাম-কীৰ্ত্তন কৰিলেই সকলো সিদ্ধি হয় বুলি, যি সোকে মনত নিশ্চয় কৰি লৈ তেওঁৰ নাম সদায় কীৰ্ত্তন কৰে, সেই কীৰ্ত্তন সকাম তাৰেই হওক বা নিষ্কাম তাৰেই হওক, ত’ক কলিৰ দোষবোৰে কেতিয়াও বাধা দিব নোৱাৰে; অৰ্থাৎ যি মানুহে দৃঢ় চিত্তে পৰমেশ্বৰকে স্থিৰ কৰি মুক্তি আদি পাবৰ আশাৰে সকাম ভাৰে হওক বা আত্মতৃপ্তিৰ বাবে নিকাম ভাৱেই হওক, সদায় পৰমেশ্বৰৰ গুণ-কীৰ্ত্তন কৰে, সেই মানুহক মিছা, বেশ্যা, শোক, ভয়, হিংসা আদি কলিৰ দোষবোৰে হৰি-কীৰ্ত্তনৰপৰা নিবৃত্ত কৰাব নোৱাৰে-কলিৰ দোষবোৰ তেওঁৰ ওচৰ চাপিব নোৱাৰে। কিং বৰ্ণয়ে তব বিভো যদুদীৰিতা। সংস্পন্দতে তম বন ইন্দ্ৰিয়াণি ৪ [২১] চাণ্ডাল পৰ্য্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণ বিনে আন। সেহিস কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল ভগৱন্ত ভকতৰ প্ৰাণ। জগতৰজগতৰ সকলো লোক। ভগন্ত-জ্ঞানাদি ষড়ৈশ্বৰ্যশালী; বিশ্বপতি। নিজ যশ প্ৰিয় ভৈল - নিজৰ গুণ-গান শুনি ভাল পোৰ হল।