পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৫
সটীক নামঘোষা


ভজিয়ো হৰিক যেৱে চেতন আছয়।
তেৱেসে এৰাইবা সুখে সংসাৰৰ ভয়॥
ৰাম কৃষ্ণ ভাবিয়ো মিলোক মহাভাগ।
ৰাম কৃষ্ণ ভাবিতে কৃষ্ণক পাইবা লাগ॥
হৰিৰ নামৰ ভাই নেৰিবা ভৰসা।
সকল ধৰ্ম্মৰ হৰি নাম মাজে বাসা॥
সন্ত উপদেশে হৰি চৰণে ভজিয়ো।
হৰি নাম নিৰমল আনন্দে মজিয়ো॥

  নিৰাময় নিৰ্ব্বিকাৰ।

 ভগৱানৰ ৰাম কৃষ্ণ নিৰঞ্জন, নিৰ্ব্বকাৰ, হৰি আদি নাম সদায় একান্ত মনে ভাবি মুক্তি লাভ কৰা।

 গাত যেতিয়ালৈ চৈতন্য থাকে, তেতিয়ালৈ হৰিক চিন্তা কৰা, তেহে সংসাৰত জন্ম ধৰাৰ ভয়(সংসাৰত নানা ৰূপৰ দুখ-লালাত পোৱাৰ ভয়) অনায়াসে এৰাব পাৰিবা অৰ্থাৎ মুক্তি লাভ কৰিব পাৰিবা।

 ভগৱানক চিন্তা কৰা, তোমাৰ সৌভাগ্য উদয় হব; ভগৱানক ভাবোতে ভাবোতে তেওঁক দৰ্শন পাবা অৰ্থাৎ তেওঁৰ সত্ত্বা অনুভৱ কৰিব পাৰিবা।

 হে ভাই, হৰিনামৰ আশ্ৰয় নেৰিবা। ভগৱানৰ নাম-কীৰ্ত্তন সকলো ধৰ্ম্মতে আছে, এতেকে হৰিনাম কীৰ্ত্তন কৰিলে সকলো ধৰ্ম্ম আচৰণ হয়, গতিকে হৰিনামত তুমি বিশ্বাস কৰিবা।

 সাধু অৰ্থাৎ সৎ গুৰুৰ উপদেশ লৈ হৰি চৰণত আশ্ৰয় লোৱা, আৰু সেইমতে হৰিনাম লৈ নিৰ্ম্মল আনন্দত মগ্ন হোৱা।