পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯২
সটীক নামঘোষা


সংযত কৰি ) বাঞ্চিত ফল লাভ কৰিব পাৰি, তেনে তনু কিয় অথলে খেদোৱা।

[৪১৬—৪১৭]

আন পৰিহৰি হুয়া হৰিক মনে ধৰ।
হৰিগুণ গায় ভাই জন্ম সফল কৰ॥
লৈয়ো হৰিনাম সাতে পাঞ্চে হুয়া সাজু।
আপোন হুৰে পলাইবেক কালমায়া বাজু॥

 আপোন হুৰে—নিজে নিজে।

 কালমায়া বাজু-কালৰ মায়াৰূপ বন্ধন।

 বাজু-বন্ধন; বাহুত মেৰাই পিন্ধা অলঙ্কাৰ বিশেষ।

 অন্য দেৱ-দেৱী পূজা সেৱা ত্যাগ কৰি কেৱল হৰিকে আশ্ৰয় কৰা , আৰু ভাই, তেওঁৰ নাম গুণকে গাই তাৰ ফলত মুক্তি লাভ কৰি তোমাৰ নৰজন্ম সফল কৰা।

 পাঁচ, সাতজন লগলাগি অৰ্থাৎ সাধুৰ লগত থাকি হৰিনাম কীৰ্ত্তন কৰা; হৰিনাম কীৰ্ত্তন কৰিলে কলিকালৰ পাপবোৰ আৰু অজ্ঞান আপোনা আপুনি আঁতৰিব।

 [ অপৰ অৰ্থ—চক্ষু, নাক, কাণ আৰু মুখ এই সাত দুৱাৰ সংযত কৰি হাতত পাঁচ আঙ্গুলিৰে নাম 'জপ কৰা; কলিকালৰ পাপবোৰ আৰু অবিদ্যা আপুনি আঁতৰিব।]

[ ৪১৮-৪২১]

চেতন লভিয়া ভাই ভজিয়ো হৰিক।
আন পৰিহৰি হুয়ো ভকতি ৰসিক॥