পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৭
সটীক নামঘোষা।


পৰম নিৰ্ম্মল গতি পাই সুখে
 ছিণ্ডিয়ো কৰ্ম্ম বন্ধন॥

 যাৰ এই সংসাৰৰপৰা উদ্ধাৰ হবৰ ইচ্ছা আছে (অৰ্থাৎ যি মুক্তি লাভ কৰিব খোজে, সেইসকলে, এই যুগধৰ্ম্ম হৰিনাম কীৰ্ত্তন কৰা; হৰিনাম কীৰ্ত্তনৰ ফলত মহ সুখে পবিত্ৰ গতি লাভ কৰি অৰ্থাৎ ঈশ্বৰৰ কৃপা পাই কৰ্ম্মৰ হাত এৰা বা জন্ম-মৃত্যুৰ হাত সাৰা।

[৪০৩]

সকল নিগম কল্পতৰু তাৰ
 ফল মহাভাগৱত।
সেহি ফল ৰস  হৰি গুণ যশ
 পিয়োক সাধু সঙ্গত॥

 ঈশ্বৰৰ তত্ত্বথকা সকলো নিগম শাস্ত্ৰৰূপ কল্পতৰু; ফল মহাভাগৱত শাস্ত্ৰ; আৰু হৰিৰ নাম-গুণ-যশ এই ফলৰ ৰসস্বৰূপ সাধুসকলে এই হৰিৰ নাম-গুণ কীৰ্ত্তন কৰি থাকে; এতেকে সন্তৰ সঙ্গ লৈ হৰিনাম কীৰ্ত্তন কৰি তাৰ ৰস পান কৰা; অৰ্থাৎ মহাভাগৱত পুৰাণ সকলো নিগম শাস্ত্ৰৰ ভিতৰত শ্ৰেষ্ঠ; ই হৰিৰ নাম-গুণেই ভৰা; সাধুসকলে এই হৰিনাম সদায় লয়; এতেকে তুমি ভাগৱতৰ এই হৰিনাম সাধুৰ লগত একান্ত মনে লোৱা।

[৪০৪]

পৰম কৃপালু শ্ৰীমন্ত শঙ্কৰ
 লোকক কৰিলা দয়া।