পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৬
সটীক নামঘোষা


মিছাতে কেৱল  শ্ৰম মাত্ৰ পাৱে
 একোৱে ফল নধৰে॥

 কলিকালৰ আচৰণীয় ধৰ্ম্ম হৈছে হৰিনাম। ইয়াক নকৰি যি অন্য ধৰ্ম্ম আচৰণ কৰে, নিয়ম আৰু সংযম পালন কৰিব নোৱাৰাৰ ফলত তেওঁ ধৰ্ম্মৰ নামে কেৱল কষ্টহে ভোগ কৰে-ফল হলে একো নহয়।

[৪০১]

কলিত হৰিৰ  কীৰ্ত্তন এৰিয়া
 আনমতে চাহে গতি।
যেন কুলবধূ  নিজ স্বামী তেজি
 ভজে গৈয়া উপপতি॥

 কলিকালত হৰিনাম কীৰ্ত্তন নকৰি আন ধৰ্ম্ম আচৰণ কৰাতো কুলবধূয়ে নিজৰ স্বামী এৰি উপপতি ভজাৰদৰে হয়; অৰ্থাৎ তিৰোতাই উপপতিৰ লগত সহবাস কৰিলে যেনে ব্যভিচাৰ ঘটে আৰু তাৰ ফলত ইহ-পৰকাল নষ্ট হয়, সেইদৰে এই কালৰ সহজসাধ্য হৰি- নাম নলৈ অন্য দেব-দেৱীক পূজা কৰিলেও লোকৰ পৰিশ্ৰমহে সাৰ হয়; এই জন্মতে শান্তি নাপায় আৰু মৃত্যুৰ পাচতো মুক্তি নাপায়।

[৪০২ ]

সংসাৰ তৰিতে  ইচ্ছা আছে যাৰ
 কৰিও হৰি কীৰ্ত্তন।