পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮১
সটীক নামঘোষা

উদয়াস্ত নাই সন্ধ্যা উপাসনা
 কৰিবো কোন সময়॥

 (ব্ৰহ্মতত্ত্ব লাভ কৰা ভক্তে কৈছে) সূৰ্য্য আকাশত উঠাৰদৰে মোৰ হৃদয়ত চিত্তস্বৰূপে ভগৱানে দেখা দিছে, মই সদয় তেওঁক বোধ কৰিব পাৰিছোঁ বা তেওঁক দেখা পাইছোঁ। সূৰ্য্যৰ উদয়- অস্ত আছে, কিন্তু মোৰ চিৎৰূপ সূৰ্য্যৰ উদয়াস্ত নাই- সদায় তেওঁ মোৰ হিয়াত জিলিকি আছে; গতিকে গধুলি ৰাতি-পুৱা ভেদে কোনো সময়ত মই সন্ধ্যা উপাসনা কৰিম? [নিজ আত্মাক ভগৱানক দৰ্শন কৰা সাধকে ভগৱৎ দৰ্শনত পৰিতুষ্ট হৈ ঈশ্বৰ প্ৰেমত তন্ময় হৈ থাকে; নিত্য-নৈমিত্তিক কৰ্ম্ম কৰা সিবিলাকৰ একো আবশ্যক নাথাকে।]

[৩৯২]

যিহেতু গোবিন্দ  নিজ যশ প্ৰিয়
 ভকত বৎসল হৰি।
সিহেতু সদায়  নাম গুণ শুনি
 থাকন্ত আনন্দ কৰি॥

ভকতবৎসল- ভক্তৰ প্ৰতি স্নেহপৰায়ণ, ভক্তক ভাল পোৱা৷

 ভক্তক ভাল পোৱা ভগৱানে তেওঁৰ নাম-গুণ-কীৰ্ত্তন কৰা শুনিলে ভাল পায়; সেই কাৰণে ভক্তে তেওঁৰ নাম কীৰ্ত্তন কৰিলে তাক অতি আনন্দ মনে সদায় শুনি থাকে।

[ ৩৯৩ ]

পৰম নিৰ্ম্মল ধৰ্ম্ম হৰি যশ
 জগত পাৱনকাৰী।