পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৮
সটীক নামঘোষা

 পৰম দয়ালু ভগৱানে কলিকালৰ লোকবিলাকৰ নিমিত্তে দয়া কৰি এই ব্যৱস্থা কৰিলে যে, “মোৰ নাম-গুণ গায়েই লোকসকলে ঘোৰ মায়াৰ হাত সাত সাৰক” অৰ্থাৎ দয়াময় ভগৱানে নেওঁৰ নাম-গুণ লৈ কলিৰ লোকে ঘোৰ মায়াৰ হাত সাৰিব পৰা ব্যৱস্থা কৰিলে।

অচিন্ত্যকীৰ্ত্তিং সুশ্নোকাং বিততাহ্যঞ্জসানুকৌ।
তমোনয়া তৰিষ্যন্তি হ্যাগাং স্বপদীমীশ্বৰঃ॥৩৮৫

[ ৩৮৫ ]

কলিৰ মনুষ্য ভৈল ভাগ্যহীন
 পাপ সাগৰত মজি।
হেন পাপীসবো কৃষ্ণ গুণ গায়া
 তৰয় কৃষ্ণক ভজি॥

 কলিকালৰ লোকবিলাকে যুগধৰ্ম্মৰ ফলত পাপত ডুব গৈ অধোগামী হল; কলিৰ এনে পতিত পাপীসকলেও কৃষ্ণত আশ্ৰয় লৈ আৰু তেওঁৰ নাম-গুণ শ্ৰৱণ-কীৰ্ত্তন কৰি মোক্ষ লাভ কৰে।

[ ৩৮৬ ]

কলিৰ লোকৰ যি ভাগ্য মিলিল
 কহিয়া অন্ত নাপায়।
নিৰন্তৰে লোক নাৰায়ণপৰ
 হোৱে হৰি গুণ গাই॥