পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭২
সটীক নামঘোষা

হেনয় কৃপালু শঙ্কৰ বিনায়
 নাহি নাহি আৰ বন্ধু॥

 শ্ৰীমন্ত শঙ্কৰে জগতৰ লোকক হৰিক কেনেকৈ ভক্তি কৰিব লাগে তাক দেখুৱাই সকলোকে সংসাৰ-সাগৰৰপৰা উদ্ধাৰ কৰিলে; গতিকে শঙ্কৰৰ বাহিৰে এনেকুৱা কৃপালু বন্ধু আৰু নাই।

[ ৩৭৪ ]

হৰি ভকতিৰ  পাতিলন্ত হাট
 শঙ্কৰে জগত জুৰি।
ৰামনাম ৰত্নে বিকায়া জগতে
 চলয় বৈকুণ্ঠ পূৰী॥

 হাটত দোকান পাতাৰদৰে শ্ৰীমন্ত শঙ্কৰে গোটেই জগততে হৰি ভক্তিৰ সত্ৰ-সচং স্থাপন কৰিলে; মহাজনে দোকানীৰ হতুৱাই বস্তু বিক্ৰী কৰোৱাৰদৰে শঙ্কৰে সত্ৰ-সমঙত থকা আচাৰ্য্যসকলৰ হতুৱাই জগতবাসীত ৰামনাম ৰূপ ৰত্ন বিক্ৰী কৰোৱাই নিজে বৈকুণ্ঠলৈ গুচি গল। [ইয়াত বিক্ৰয়ৰ বস্তু ৰামনাম, আৰু শিষ্যৰ ভাৱ-ভক্তি তাৰ মূল্য।]

[ ৩৭৫ ]

শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
 জানা যেন কল্পতৰু॥
তাহান্ত বিনায় নাই নাই নাই
 আমাৰ পৰম গুৰু।॥