পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৪
সটীক নামঘোষা

 পৰমেশ্বৰ কৃষ্ণ দেৱতাৰ গুণৰ সীমা নাই। আমাৰ দেশৰ সেই সময়ৰ জ্ঞানীসকলৰ ভিতৰত কেৱল শ্ৰীশঙ্কৰদেৱে পৰমেশ্বৰৰ তত্ত্ব পাইছিল। গতিকে তেওঁ প্ৰচাৰকৰা নাম-ধৰ্ম্ম সত্য আৰু সনাতন,]

[ ৩৫৯ ]

ৰাম কৃষ্ণ হৰি গোপাল গোবিন্দ
 মুকুন্দ মধু-মুৰাৰি।
ভকতৰ ধন হৃদয় ৰঞ্জন
 ব্ৰজজন অধিকাৰী॥

মধু-মুৰাৰি— মধু আৰু মুৰ দৈত্যৰ অৰি, ভগৱানে এই দুই দৈত্যক মাৰিছিল, সেই কাৰণে তেওঁক “মধু-মুৰাৰি” বোলে।

 হে ৰাম কৃষ্ণ হৰি গোপাল গোবিন্দ মুকুন্দ মধুমুৰাৰি, তুমি ভক্তৰ পৰম প্ৰিয় বস্তু আৰু তেওঁলোকৰ হৃদয়ত আনন্দ দিওঁতা; তুমিয়েই কৃষ্ণ অৱতাৰত ব্ৰজৰ লোকসকলৰ অধিপতি আছিলা।

[ ৩৬০ ]

ৰাম অনন্ত প্ৰভু ভগৱন্ত
 ভকত ভয় ভঞ্জন।
নিত্য নিৰঞ্জন দানৱ গঞ্জন
 সজ্জন জন ৰঞ্জন॥

 হে প্ৰভু ৰাম, তুমি অনন্ত অৰ্থাৎ তোমাৰ শেষ নাই; তুমি ভগৱন্ত অৰ্থাৎ তুমিয়েই জগতৰ ঐশ্বৰ্য্যৰ গৰাকী; তুমি ভক্তক অভয় দিওঁতা; তুমি নিত্য অৰ্থাৎ তুমি সদায় আছা; তুমি নিৰ্ম্মল আৰু দানৱ-দমনকাৰী; আৰু তুমিয়েই সাধুসকলক আনন্দ দিওঁতা।