পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৩
সটীক নামঘোষা

 ভগৱান এনে কৃপালু যে তেওঁ ৰাম অৱতাৰ ধৰোঁতে ভালুক বান্দৰ, ৰাক্ষস প্ৰকৃতিৰ লোক বিলাকেও তেওঁক ভক্তি কৰি গতিলাভ কৰিছিল। ভগৱানৰ বাহিৰে এনে দয়াময় দেৱতা আৰু কোনো নাই।

নিৰ্গুণ কৃষ্ণদেৱশ্য গুণাণি কীৰ্ত্তনং কুৰু।
এষেংধৰ্ম্মঃ সনাতনঃ জানাতীতি শ্ৰীশঙ্কৰঃ॥ (৩৫৭)

[ ৩৫৭ ]

নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ
 কৰিলা শ্ৰীশঙ্কৰে।
শ্ৰৱণ কীৰ্ত্তন কৰি মহাসুখে
 পাপীয়ো সংসাৰ তৰে॥

 শ্ৰীমন্ত শঙ্কৰদেৱে সত্ত্ব, ৰজ, তম গুণাতীত ভগৱানৰ লীলা- চৰিত প্ৰকাশ কৰি তেওঁৰ উপাসনাৰ পন্থা উলিয়ালে; সেই কাৰণে আজি পাপীসকলেও ভগৱান নাম-গুণ, শ্ৰৱণ -কীৰ্ত্তন কৰিহনায়াসে আজি পাপীসকলেও ভগৱানৰ নাম-গুণ, শ্ৰৱণ-কীৰ্ত্তন কৰি অনায়াসে গতিলাভ কৰে।

[ ৩৫৮ ]

পৰম ঈশ্বৰ কৃষ্ণ দেৱতাৰ
 গুণৰ নাহিকে অন্ত।
ইহাৰ তত্ত্বক জানিবা কেৱলে
 শঙ্কৰে মাত্ৰ জানন্ত।