পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬১
সটীক নামঘোষা

[ ৩৫৩ ]

নাৰদ সনত- কুমাৰ অনন্ত
 শুকমুনি আদি কৰি।
মুকুতি সুখক ঠেলি ৰামনাম
 সদায় ফুৰে সুমৰি॥

 ৰামনাম এনে ৰসযুক্ত আৰু আনন্দদায়ক যে, নাৰদ, সনতকুমাৰ, অনন্ত, শুকদেৱ আদি মুনিসকলে মুক্তিসুখকো ত্যাগ কৰি অৰ্থাৎ নিষ্কামভাৱে সদায় ৰামনামকে লৈ আনন্দ কৰে।

পৰমাত্মা পৰব্ৰহ্ম সচ্চিদানন্দ বিগ্ৰহঃ।
পৰংজ্যোতি পৰংধাম পাৰাকাষ্ঠা পৰাৎপৰঃ॥
জগতঃ সৰ্ব্ববেদাংশ্চ সৰ্ব্বমাস্ত্ৰাংশ্চ পাৰ্ব্বতি।
তস্মাৎ কোটিগুণং পুণ্যং ৰামনাম্ৰৈব লভ্যতে॥ (৩৫৪)

[ ৩৫৪ ]

ইটো ৰামনাম আপোনাৰ গুণে
 ঈশ্বৰক কৰে বশ্য।
এতেকে জানিবা ৰামনাম বিনে
 শাস্ত্ৰৰ নাহি ৰহস্য॥

ৰহস্য— সাৰ তত্ত্ব।

 ৰাম-নামৰ এনে গুণ যে, ইয়াক একান্তমনে ললে ই ঈশ্বৰকো