[ ৩৫১ ]
ৰামনাম ইটো দুগুটি অক্ষৰ
বলৰ নাহিকে সীমা।
মুকুতি সুখকো কৰিলা অধীন
আছোক আন মহিমা॥
ভগৱানৰ নাম “ৰাম” এই শব্দৰ আখৰ দুটাৰ বলৰ সীমা নাই; ইয়াৰ আন মাহাত্ম্যৰ কথাই নকওঁ, ই মুক্তিসুখকো অধীন কৰে; অৰ্থাৎ ৰামনামৰ ৰসত ভকত ইমান তৃপ্ত হয় যে, তেওঁ মুক্তিলৈ নভবা স্বত্বেও মুক্তি তেওঁৰ পচে পাচে লব ধৰে বা ভকতে নিষ্কাৰ ভাবে ৰামনাম লোৱা স্বত্বেও তেওঁ মোক্ষ লাভ কৰে।
[ ৩৫২ ]
যিটো ৰুদ্ৰদেৱে পৰম লীলায়ে
জগতক সংহাৰন্ত।
ৰামৰ নামৰ তেহো হুয়া বশ্য
দিনে ৰাতি সুমৰন্ত॥
[ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ এই তিনিটা ভগৱানৰ শক্তি; ভগবানেই ৰুদ্ৰৰূপে জগতৰ সংহাৰ কাৰ্য্য কৰে। পুৰাণত এই ৰুদ্ৰক ভজন দেৱতা কল্পনা কৰি ভগৱানৰ পৰম ভক্তৰূপে বৰ্ণনা কৰিছে। সেই কাৰণে এই ঘোষাত কৈছে] যি দেৱে আচৰিত উপায়ে জগতৰ সংহাৰ কাৰ্য্য সাধন কৰে, সেই অশেষ ক্ষমতাপন্ন মহাদেৱে ৰাম নামত বশ হৈ অৰ্থাৎ ৰামনামৰ ৰসত মোহ গৈ সদায় সেই নাম লৈ ফুৰে৷