পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৮
সটীক নামঘোষা

ভাগৱত ধৰ্ম্ম—অহিংসাত্মক কৰ্ম্মযোগমূলক ধৰ্ম্ম।

 ধৰ্ম্মে মহাভাগৱতৰ ধৰ্ম্মৰ কথা পৃথিবীৰ আগত কৈছিল যে, মাধৱৰ কৰ্ম্মেই মুকুতি সুখৰ কেৱল আশ্ৰয়। বেদ ঈশ্বৰৰ বাণী, বেদান্ত বেদৰ তাৎপৰ্য্য আৰু মহাভাগৱত পুৰাণ বেদান্তৰেই সাৰ সংগ্ৰহ; গতিকে ইয়ো ঈশ্বৰৰ বাণী। ধৰ্ম্ম অৰ্থে ঈশ্বৰ’ তেওঁ নিজে মহাভাগৱতৰ ধৰ্ম্মৰ কথা পৃথিবীৰ লোকসকলক কওঁতে এইদৰে কৈছিল যে, মুক্তিৰ সুখ কেৱল মাধৱৰ কৰ্ম্ম কৰিলেই পোৱা যায়; অৰ্থাৎ মাধৱৰ নাম-গুণ শ্ৰৱণ-কীৰ্ত্তন কৰিলেই মুক্তিলাভ কৰিব পাৰি।

[ ৩৪৮ ]

কৃষ্ণ গুণ নাম ধৰ্ম্মেসে পৰম
 মঙ্গলৰো সুমঙ্গল।
কৃষ্ণৰ কীৰ্ত্তন ৰসেসে কেৱল
 মুকুতি সুখৰ ফল॥

 কৃষ্ণৰ নাম-গুণ কীৰ্ত্তন পৰম ধৰ্ম্ম আৰু সি অতি মঙ্গলপ্ৰদ; কৃষ্ণৰ নাম-গুণ কীৰ্ত্তনত ওপজা ৰস বা আনন্দই মুক্তি মুখৰ ফল স্বৰূপ। মুক্তিসুখতেই আনন্দ, আনন্দ ওপজে নাম কীৰ্ত্তনত; নাম, কীৰ্ত্তনত ওপজা আনন্দ মুক্তিসুখৰ ফলস্বৰূপ।

[ ৩৪৯ ]

যিহেতু কৃষ্ণৰ  কীৰ্ত্তন ধৰ্ম্মত
 নাহিকে পাত্ৰ নিয়ম।