পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৩
সটীক নামঘোষো

আপোন নামৰ মহিমাক হৰি
 আপুনি অন্ত নপান্ত॥

 ভগৱানৰ নাম ললে পাপ, তাপ, শোক, ভয় দূৰ হয়, মানুহৰ, অন্তৰৰ অসৎ ভাৱ আঁতৰে, জীৱ পৱিত্ৰ হয় , এইদৰে ভগৱানৰ নামৰ মাহাত্ম্য স্বয়ং ভগৱানেও নিজ মুখে কৈ শেষ কৰিব নোৱাৰে; সন্ত মহন্তসকলে ঈশ্বৰৰ নামৰ প্ৰভাৱ বুজিব পাৰে, আৰু তেওঁৰ নাম অহৰ্ণিশে শ্ৰৱণ-কীৰ্ত্তন কৰে।

[ ৩৪০ ]

হৰিৰ নামত একোৱে বিঘিনি
 নাহিকে জানা নিশ্চয়।
আন ধৰ্ম্ম যত তাহাৰ বিঘিনি
 নামেসে দূৰ কৰয়॥

 হৰিৰ নাম শ্ৰৱণ কীৰ্ত্তন কৰাৰ কোনো ধৰা বন্ধা নিয়ম নাই দেখি ব্যৱস্থা লঙ্ঘন কৰা আদি দোষে সেই নাম লোৱা ফলৰপৰা জীৱক বঞ্চিত কৰিব নোৱাৰে। নাম ধৰ্ম্মৰ বাহিৰে অন্যান্য যিবোৰ পূজা-সেৱা কৰা ধৰ্ম্মপথ আছে, সেইবোৰ নিৰ্দ্দিষ্ট বিধান থকা; বিধিমতে এই পূজা নকৰিলে যি দোষ ঘটে, নামে সেই দোষ খণ্ডন কৰে বা কৰিব পাৰে। [শ্ৰাদ্ধ, হোম আদি কৰাৰ পাচত নাম ধৰাৰ প্ৰথাৰ কাৰণ এইটোৱে।]