পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫ সটীক নামধোৰা [ ৩৩৩ } অপাৰ আনন্দ ৰস ৰাম নাম মুখত থাকে যাহাৰ। মুকুতি সুখক থৱে পাশ কৰি আন সুখ কোন চাৰ। যাৰ মুখত সদয় অপাৰ আনন্দ ৰসযুক্ত ৰাম নাম থাকে অৰ্থাৎ যি লোকে অপাৰ আনন্দ দিবপৰা ৰাম নাম সদায় সয়, তেওঁ অন্য বিষয় সুখ বিচাৰিব দূৰত থাওক, মুক্তি সুখকো কাতি কৰি হয় অৰ্থাৎ তেওঁ ৰাম নাম ৰসত মোহ গৈ ভগৱানৰ ওচৰত ন জন কামনা কৰিব দূৰত থাওক মুক্তি সুধকে। বাঞ্জা নকৰে। ঈশ্বৰ কৃষ্ণৰ [৩৩৪ ] যিটো মহাজনে ভজয় পদ কমল। আপোন তৰিল কুল উদ্ধাৰিল তাৰেসে জন্ম সফল। যি সাধুলোকে ভগৱান কৃষ্ণৰ পদ সেৱা কৰে অৰ্থাৎ বি লোকে ভগৱন্তত চিত্ত সমৰ্পণ কৰে তেওঁ নিজেতো উদ্ধাৰ হয়েই (তদুপৰি বংশৰ অন্য লোককে ত্ৰাণ কৰে অৰ্থাৎ তেওঁক দেখি পৰিয়ালৰ অন্য লোকেও ভগৱানক উপাসনা কৰি তৰিব পাৰে, গতিকে সেই সাধু লোকৰ নৰ-জন্ম ধৰাৰ সম্ফল হল বুলিব পাৰি।