পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৪
সটীক নামঘোষা

[ ৩২২ ]

দীন দয়াশীল   দেৱ দামোদৰ
 দীনক নেৰিবা মোক।
হেন কৃপা কৰা  তযু পদে মোৰ
 সহজ ৰতি মিলোক॥

ৰতি-ৰাগ; একান্ত অনুৰাগ।

 হে দীন দয়াময় দামোদৰ দেৱ, মই ভক্তি ভাৱত অতি দৰিদ্ৰ অৰ্থাৎ মোৰ অন্তৰত্ত তোমালৈ অলপো অনুৰাগ জন্মা নাই; মোক এনে কৃপা কৰা, যেন তোমাৰ পদত মোৰ একান্ত অনুৰাগ জন্মে অৰ্থাৎ তোমাৰ চিন্তা যেন মোৰ স্বাভাবিক হৈ উঠে।

[ ৩২৩ ]

তোমাৰ চৰণ  সেৱাৰ গোবিন্দ
 নাজানো একো উপায়।
যিমতে সেৱাত  ৰহিবো কৰুণা
 কৰিতে হৰি যুৱায়॥

 হে গোবিন্দ, 'তুমি জ্ঞানময়, মই অজ্ঞান; তোমাৰ চৰণ কেনেকৈ সেৱা কৰিব লাগে অৰ্থাৎ তোমাক কিৰূপে ভাবিব লাগে মই তাৰ নিয়ম কাৰণ নাজানোঁ; হে অজ্ঞান আন্ধাৰ হৰণ- কৰোঁতা হৰি, মই তোমাৰ সেৱাত কিৰূপে থাকিব পাৰোঁ অৰ্থাৎ যাতে মই তোমাক চিন্তা কৰি থাকিব পাৰোঁ তেনে কৃপা মোক কৰা।