পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৬
সটীক নামঘোষা

মায়া মোহিত চিত্তেন পাপিষ্ঠান্তে নৰাধমাঃ।
ত্যক্ত্বা কৃষ্ণস্য নামনি ব্ৰমন্তি সৰ্ব্বযোনিযু॥

(২৯১-২৯)

[ ২৯১ ]

ৰাজা প্ৰজা জানি- লেক ভক্তি পথ
 শঙ্কৰৰ মত শুদ্ধ।
সিটো মত লাৰি আন আচৰয়
 পৰম সিটো মুগুধ॥

মুগুধ—মূঢ়।

 শ্ৰীমন্ত শঙ্কৰে প্ৰচাৰ কৰা মতটো অৰ্থাৎ নাম-ধৰ্ম্মৰ ভক্তি পথটো সেই কালৰ ৰজা-প্ৰজা সকলোেৱ নিৰ্ম্মল বুলি বুজিব পাৰিছিল আৰু গ্ৰহণ কৰিছিল। তেনে বিশুদ্ধ মত বদলাই যি আন ৰকমে চলে সেই লোক অতি মুৰ্খ৷

[ ২৯২ ]

আপুনি পণ্ডিত নুহি মহন্তক
 নোপাসিলে কদাচিত।
তথাপিতো গুৰু বোলাৱে কৃষ্ণৰ
 মায়ায়ে হুয়া মোহিত॥

 এনে লোকো আছে, যি নিজে শান্তাদি পঢ়ি অভিজ্ঞতা লাভ কৰা নাই আৰু সন্ত সাধুৰ লগত থাকি সিসকলৰ উপদেশ