পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৫
সটীক নামঘোষা

ভাল পাই লবলৈ অভ্যাস নকৰে, সেই অজ্ঞানলোকে আন আৰু কি উপায়ে নিজৰ হিত বা মুক্তি সাধন কৰিব?

শব্দ ব্ৰহ্মণি নিঞ্চতো ন নিষ্ণাতেহপৰে যদি।
শ্ৰমস্তস্য শ্ৰমফলং হধেনুমিব ৰক্ষতঃ॥ ২৯০

[২৯০]

শৱদ ব্ৰহ্মৰ পাৰ ভৈল যিটো
 কৃষ্ণত ভকতি নাই।
তাৰ মাত্ৰ শ্ৰম শ্ৰমে মাত্ৰ ফল
 যেন ৰাখে বাজী গাই॥

 শব্দৰূপ ব্ৰহ্ম তত্ত্ব লাভ কৰিও যি লোকে ভগৱানক ভক্তি নকৰে, তেওঁৰ ভগৱানক অনাৰ একো লাভ নহয়; বাজী গাইক পোহ-পাল দিয়া বৃথা শ্ৰমৰ দৰে তেওঁৰ ব্ৰহ্ম জানাও বৃথা শ্ৰম। হয়—ফলৰ ভিতৰত কেৱল শ্ৰমহে। [ঈশ্বৰ কি বস্তু তাক জানিলে নহয়, তেওঁক ভক্তি কৰিলেহে জনাৰ ফল।]

বৰ্ণাশ্ৰমাচাৰবতা পুৰুষেন পৰঃ পুমান্।
বিষ্ণুৰাৰাধাতে পন্থা নাম্যন্ত তোষকাৰকঃ॥
মাতৃবৎ পৰিৰক্ষন্তং সৃষ্টিসংহাৰকাৰকম্।
যো ন পূজয়তি বিষ্ণুং তং বিস্তাদ্ ব্ৰহ্মঘাতকম্॥

১৫