এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৪
সটীক নামঘোষা
হৰিৰ দুৰ্ল্লভ কৃপাৰপৰা বঞ্চিত হয়, অৰ্থাৎ যি হৰিৰ কৃপা বৰ কষ্ট কৰিহে লাত কৰিব পৰা যায় তেনে অনুগ্ৰহৰপৰা বঞ্চিত হয়।
[ ২৮৮ ]
মুকুত সকলো হৰিৰ কীৰ্ত্তনে
কৰন্ত সদায়ে ৰতি।
হেন কীৰ্ত্তনত যিটো চিত্ত নেদে
যায় সিটো অধোগতি॥
মুক্তাত্মাসকলে হৰি নাম-গুণ-কীৰ্ত্তনত সদায় ৰত থাকে; এনে আনন্দদায়ক নাম-কীৰ্ত্তনত যি মন নিদিয়ে সেইলোক অধোগতি যায় অৰ্থাৎ তাৰ মুক্তি লাভ হয়।
[ ২৮৯ ]
কলিত জনম লভিয়া হৰিৰ
নামত নকৰে ৰতি।
সিটো মূঢ়মতি আন কেন মতে
সাধিবে আপোন গতি॥
[কলিকালৰ বিহিত ধৰ্ম্ম হৈছে নাম-ধৰ্ম্ম; তপ, জপ, যাগ, যজ্ঞ আদি অন্য যুগৰ ধৰ্ম্ম, এইবোৰ কলিকালৰ সাধ্য ধৰ্ম্ম নহয়।] যি মানুহে কলিকালত উপজি হৰিনামত ৰতি নকৰে অৰ্থৎ নাম