এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৯
সটীক নামঘোষা
আকলি-দেখি।
মিছা, বেশ্যা, শঠতাত শ্ৰেষ্ঠ কলিকালে হৰি-ভক্তৰ দোষ ধৰিব নোৱাৰে অৰ্থাৎ কলিকালৰ পাপবোৰে হৰি-ভক্তক স্পৰ্শ কৰিব নোৱাৰে। এনে ভক্তই কোনো লৌকিক বা বেদাচাৰ লঙ্ঘন কৰিলে কিন্তু সজ্জন বা পতিত নাম ধাৰী সকলে তাক এৰি নিদিয়ে অৰ্থাৎ সেই বিষয় তেওঁলোকৰ বদনাম গাই ফুৰে।
[ ২৭৯ ]
হৰিৰ চৰণ সদা আৰাধস্ত
ব্ৰহ্মা হৰ পুৰন্দৰ।
হেন হৰি পদে শৰণ নলৱে
কিনো বুদ্ধিহীন নৰ॥
পুৰন্দৰ- ইন্দ্ৰ৷
ব্ৰহ্মা, হৰ, ইন্দ্ৰ আদি ডাঙৰ ডাঙৰ দেৱতাসকলে ভগবানক সদায় উপাসনা কৰে; কিন্তু মানুহ হৈ এনেহেন হৰিচৰণত আশ্ৰয় নলয়—কি বুদ্ধিহীন!
[ ২৮০ ]
মৃত্যুৰ মুখত সদায়ে পৰিয়া
আছৰ যিসব নৰে।
সিটো নিদাৰুণ হৰি নাম গুণ
কীৰ্ত্তন কেনে নকৰে॥