পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিন্দা

[২৭৫ ]

মহন্তসবৰ কেৱল জীৱন
 হৰিৰ নাম মঙ্গল।
হেন হৰিনাম নলৈয়া কলিত
 কৰিলা জন্ম বিফল॥

 ভগৱন্তৰ মঙ্গলময় নামেই সাধুসকলৰ প্ৰাণস্বৰূপ অৰ্থাৎ সাধুসকলে ভগৱানৰ নাম নোলোৱাকৈ থাকিব নোৱাৰে। এনে মুক্তি-দাতা কলিকালৰ সহজ সাধ্য ভগৱানৰ নাম যি নলয় তাৰ জন্ম অসাৰ্থক কৰা হয় অৰ্থাৎ তেওঁ কলিকালত জন্ম ধৰাই তেওঁৰ মিছা।

[ ২৭৬ ]

হৰিৰ পৰম  প্ৰিয়তম নাই
 হৰি ভকতত পৰে।
হেন ভকতক  যি জনে নিন্দয়
 হৰিকেসে নিন্দা কৰে॥

 ভক্তে, ভগৱন্তৰ পৰম প্ৰিয়তম অৰ্থাৎ ভগৱানে ভক্তক যিমান ভাল পায় আন কাকো সিমান ভাল নাপায়, দুয়ো প্ৰায় একেই