পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
১৭
সটীক নামঘোষা


 যি মানুহ অশুচি, ধৰ্ম্মৰ আচাৰ নিয়ম আদি মানি নচলে আৰু যদি কোনোবা অতি সদাচাৰী হয় আৰু যদি সেই সদাচাৰ ৰক্ষা কৰি তেওঁ বাল্য, কৌমাৰ, যুব আৰু বাৰ্দ্ধক্য সকলো অৱস্থা পাৰ হয়, তথাপি তাৰে তেওঁ শুদ্ধ হব নোৱাৰে। যি লোকে সৰ্ব্ব জ্যোতিৰ মুল কমল-লোচনক অৰ্থাৎ ভগৱানক স্মৰণ কৰে, তেওঁৰহে অন্তৰ বাহিৰ সকলো শুদ্ধ হয়;

 [ আচাৰ মানি চলিলে পৰিত্ৰ হয়, নামানিলে অপৱিত্ৰ হয়, ই কেৱল বাহ্যিক। ভগৱানক একান্ত মনে ভাবিব পাৰিলেহে মানুহৰ অন্তৰ পৱিত্ৰ হয়; অকল আচাৰ মানি চলি থাকিলে মানুহৰ অন্তৰ পৱিত্ৰ হব নোৱাৰে। আচাৰে মানুহক ঈশ্বৰ চিন্তাত আগ- বঢ়াই দিয়ে মাত্ৰ।]

অহো হি লোকে চতুৰো পৰে দ্বে পাপস্য পুণ্যস্য নিদানভূতে।
উচ্চাৰণাদেৱ মুনীন্দ্ৰ মুখ্যা নাৰায়ণ নাম তথাৰ্থবাদঃ॥

[১৩]

সেহিসে চতুৰ সিটো  পুণ্যৰ নিদানভূত
 নাৰায়ণ নামক সুমৰে।
অচতুৰ সিটো অতি পাপৰ নিদানভূত
 নামে অৰ্থবাদ যিটো কৰে।

নাৰায়ণ—নাৰা{পানী} অয়ন (আশ্ৰয়) পানী যাৰ আশ্ৰয়।
 পৰমেশ্বৰে প্ৰথমতে পানী সৃষ্টি কৰি তাত প্ৰকাশিত
 হৈ আছিল; তাৰ পাচতহে প্ৰাণীৰ সৃষ্টি হয়— সেয়ে
 নাৰায়ণ অৰ্থে আদি পুৰুষ ব্ৰহ্ম।