পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১২
সটীক নামঘোষা

তৈয়াৰ হোৱা, বাহাত থকা জন্তুৰ ৰক্ষক যেনে সেই দুৰ্ভেদ্য় পিজৰাটো, সেইদৰে ভগৱানত একান্তমনে শৰণ লোৱা লোকৰ পক্ষেও ভগৱান তেনে বজ্ৰৰ পিজৰাৰদৰে [ভগবানত আশ্ৰয় লোৱাজনৰ কালৈকেও ভয় নাথাকে।]

[ ২৬৬ ]

হৰিৰ সেৱাত নাহিকে প্ৰয়াস
 জানিবা নিশ্চয় কৰি।
নাম মাত্ৰ লৈলে হোৱস্ত সন্তুষ্ট
 কিনো কৃপাময় হৰি॥

 ভগন্তক ভজিবলৈ কোনো প্ৰকাৰ শাৰীৰিক দুখ-কষ্ট সহিব নালাগে, ইয়াৰু নিশ্চয়কৈ জানিবা। একান্তমনে তেওঁৰ নাম উচ্চাৰণ কৰিলে ভগবান সন্তুষ্ট হয়, ঈশ্বৰ এনে দয়াময়।

[ ২৬৭ ]

শুনিয়ো চতুৰ মহন্তসকল
 ফুৰা হৰি গুণ গাই।
দুৰ্ঘোৰ কলিত হৰিনাম বিনে
 আন মতে গতি নাই॥

ঘোৰ- দাৰুণ, ভয়লগা।

 ( সেই কাৰণে ) হে বুদ্ধিমান সাধুসকল, শুনা, তোমালোকে সদায় হৰিৰ নাম, গুণ, কীৰ্ত্তন কৰাঁ; ( কিয়নো) এই পাপ-তাপে