পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৮
সটীক নামঘোষা

 যিলোকে ৰাম-কৃষ্ণ নামৰূপ একোৰে অনিষ্ট কৰিব নোৱাৰা কৱচ সদায় পিন্ধে অৰ্থাৎ সদায় ৰাম-কৃষ্ণ নাম লয়, তেওঁক সত্ত্ব, ৰজ, তম তিনি গুণে পড়িব নোৱাৰে। অভেদ্য কৱচ পিন্ধিলে যিদৰে অস্ত্ৰৰ আঘাত গাত নালাগে, সেইদৰে ৰাম-কৃষ্ণ নাম ললে সংসাৰিক পীড়া কৰা উক্ত ভিনিগুণে লোকৰ অধীৰ কৰিব নোৱাৰে।

[ ২৬০ ]

হিৰণ্যকশিপু  প্ৰহ্লাদপুত্ৰক
 নানান দুৰ্গতি দিল।
হৰিনাম মহা কৱচ প্ৰভাৱে
 তান নোন নলৰিল॥

 (হিৰণ্যকশিপু নামে দৈত্য ৰজাই হাক দিয়া সত্বেও তেওঁৰ পুত্ৰ প্ৰহ্লাদে যেতিয়া হৰি-নাম লবহৈ এৰা নাছিল, সেই সময়ত) তেওঁ পুত্ৰ প্ৰহ্লাদক নানা দুৰ্গতি দিয়ে। কিন্তু প্ৰাহ্লাদে হৰি নামৰূপ অভেদ্য কৱচৰ সহায় লোৱাত সিমান শাস্তিতো তেওঁৰ শৰীৰত কোনো ৰকমৰ আঘাত লগা নাছিল। [ প্ৰহ্লাদে একান্তমনে হৰি- নাম লৈ আছিল; বাপেকে নানা শাস্তি দিয়াতো তেওঁৰ গাত কোনো শাৰীৰিক দুখ লগা নাছিল।]

[ ২৬১]

একান্ত শৰণে যিটো নাম লৰে
 ফুৰা তাঙ্ক হৰি ৰাখি।