পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৭
সটীক নামঘোষা

[ ২৫৮ ]

হৃদয় স্তম্ভত কৃষ্ণ চৰণক
 প্ৰেম-জৰী দিয়া ছান্দা।
পৰম সুদৃঢ় ৰাম কৃষ্ণ নাম
 কৱচ গলত বান্ধা॥

স্তম্ভ-খুটা।

ছান্দা-বান্ধা৷

সুদৃঢ়-কঠিন, একোৱে অনিষ্ট কৰিব নোৱাৰা।

কৱচ-মন্ত্ৰপুত সূতাৰ মাদুলী।

 হে ভাই, জৰীৰে কেনে জন্তু খুটাত বান্ধি থোৱাৰদৰে ভগৱানক ভক্তি কৰি ভক্তি-ৰূপ জৰীৰে নিজৰ হৃদয়ত তেওঁক বান্ধি খোৱা অৰ্থাৎ নিজৰ হিয়াত সদায় তেওঁক উপলব্ধি কৰা; আৰু কৱচ ডিঙিত পিন্ধাৰদৰে ভগৱানৰ ৰাম, কৃষ্ণ আদি নাম সদায় একান্তমনে উচ্চাৰণ কৰা।

[ ২৫৯ ]

ৰাম কৃষ্ণ নাম অভেদ্য কৱচ
 সদায় যিটো পিন্ধয়।
তিনি গুণ বৃত্তি অস্ত্ৰ প্ৰহাৰে
 তাক আৰু নিবিন্ধয়॥

কৱচ--শৰীৰ আচ্ছাদনকাৰী পোছাক।