পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৪
সটীক নামঘোষ।

মৃত্যু তৰিবাৰ ইচ্ছা আছে যাৰ
 ফুৰা ৰামনাম গাই॥

 মুক্তি কেবল ভগৱানে দিয়ে সেয়ে ভগৱানৰ নাম বাহিৰে মুক্তি পোৱা আৰু উপায় নাই; (এতেকে) যাৰ মুক্তি লাভ কৰিবৰ ইচ্ছা আছে, সেইসকলে একান্তমনে ৰামনাম গাই ফুৰা।

ন শাস্ত্ৰেণাপি গুৰুপা দৃশ্যতে পৰমেশ্বৰঃ।
দৃশ্যতে চাত্মনৈবাত্মা স্বযা সত্ত্বস্থয়া ধিয়া॥ ২৫৩

[ ২৫৩]

শাস্ত্ৰ গুৰু উপ- দেশে শিষ্যসবে
 ঈশ্বৰক নেদেখয়।
বুদ্ধিক সত্ত্বস্থ  কৰিয়া আপোন
 আত্মাক দেখে নিশ্চয়॥

সত্ত্বস্থ-স্থিৰ।

 শাস্ত্ৰ পঢ়ি আৰু গুৰুৰ উপদেশ ললে শিষ্যসকলে ঈশ্বৰৰ সাক্ষাৎ লাভ কৰিব নোৱাৰে। শাস্ত্ৰ পঢ়ি আৰু সৎ গুৰুত শৰণ লৈ নিজৰ বুদ্ধিক স্থিৰ বা স্বাভাৱিক অৱস্থাত ৰাখিহে আত্মাৰূপী ভগৱানক নিশ্চয় দেখা পায়; নহলে শাস্ত্ৰেও ভগৱানক দেখাব। নোৱাৰে আৰু গুৰুৱেও ভগৱানক দেখাৰ নোৱাৰে; নিজৰ বুদ্ধিয়েই হৈছে আচল, শাস্ত্ৰ আৰু গুৰু সহায় মাত্ৰ।