পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা সহজে ভগৱানৰ কাষ চাপিব নোৱাৰে; অৰ্থাৎ নামে বাট পোহৰাই (জীৱক শুদ্ধ কৰি লৈ নগলে আনে জীৱক মায়া-বনৰপৰা যুক্ত কৰি ঈশ্বৰৰ লগত মিলন ঘটাব নোৱাৰে। তৎ কথামৃতপয়োধে বিহস্তো মহামুদ। কুতি কৃতিনঃ কেচিচ্চাতুৰ্বৰ্গং তৃণোপমম॥২৩৬ [ ২৩৬] ৰাম কৃষ্ণ নাম অমৃত সাগৰে যিটো জনে কৰে কেলি। সিটো মহাজনে মুকুতিকো থৱে ঠেলি। তৃণ সম কৰি কলি-ক্ৰীড়া, বিহাৰ। যি মানুহে একান্তমনে ভগৱানৰ নাম লৈ নামৰসত বিহাৰ কৰে অৰ্থাৎ সদায় নাম লৈ লৈ নামৰ ৰসতে মগ্ন থাকে, সেই সাধুলোকে মুক্তিকো তৃণ জ্ঞান কৰি তালৈ পিঠি দিয়ে বা মুক্তিৰ বিষয় অলপো নাভাবে [ ৰাম নামত মত্ত থকা লোকৰ পাচে পাচে মুক্তি দাসী হৈ ফুৰে।] [ ২৩৭ ] হৰি পদ মহা থালী বাম নাম অমৃত আছে ভৰিয়া।