পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ ধৰ্ম্ম-পুণ্য। অৰ্থ-সম্পত্তি। কাম-কাম কৰ্ম্ম। মোক্ষমুক্তি। [ ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ এই চাৰিবিধ সাধনকেই জীৱৰ পৰম পুৰুষাৰ্থ বোলে। ইয়াকে চতুৰ্বৰ্গ সাধনে বোলে। মানুহে এই চতুৰ্ব্বৰ্গ সাধনৰ নিমিত্তে সকলো ৰকমৰ কষ্ট স্বীকাৰ কৰে। ভগৱানৰ ৰাম, কৃষ্ণ আদি নাম একান্তমনে শ্ৰদ্ধাৰেসৈতে ললে উক্ত চতুৰ্বৰ্গ সাধনৰ ফল লাভ হয়। সেয়ে কৈছে ] ভগৱানৰ ৰাম, কৃষ্ণ, হৰি আদি নাম লৈ ধৰ্ম, অৰ্থ, কাম, মোক্ষলৈ চিন্তা এৰা; অৰ্থাৎ ভগৱানৰ নাম লোৱা, তাতেই তোমাৰ চতুৰ্ব্বৰ্গ সাধনৰ ফল লাভ হব-চতুৰ্বৰ্গ সাধনৰ নিমিত্তে অৰু বেলেগ চেষ্টাৰ দৰ্কাৰ নাই। [২৩৫ ] অজ্ঞান আন্ধাৰে পৰিয়া জীৱৰ আন পথ ভৈলা নাশ। নাম অঞ্জনীয়া বিনে আনমতে নপাৰে হৰিৰ পাশ। অঞ্জনীয়া-চকুত অঞ্জন দিওঁতা; পোহৰ কৰোতা। নাম-অঞ্জনীয়া-নামৰূপ অঞ্জনীয়া বা পোহৰ কৰে। অজ্ঞান বা মোহত পৰাত জীৱে জ্ঞানৰ বা মুক্তিৰ পথ নেদেখা হল; এনে অৱস্থাত নামৰূপ অঞ্জনীয়াৰ বাহিৰে আন উপায়ে জীৰে