পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১২ সটীক নামঘোষ হে ভাই, ভগৱানৰ ৰাম, কৃষ্ণ আদি নাম লবলৈ হেলা নকৰিবা; কিয়নো ভগৱানক ভক্তি কৰিলে অন্তৰত যি অপৰিমেয় সুখ পোৱা যায়, সেই ভক্তিৰসৰ সুখ নামৰ ভিতৰতে আছে। [ ২৩৩] ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ভাবিয়ে। ভাৰক ভাই। ৰাম কৃষ্ণ হৰি গোবিন্দ বুলিয়া বঞ্চিয়ো যমৰ দায়। বঞ্চিয়ে। উদ্ধাৰ হোৱা, হাতসাৰ। যমৰ দায়-ষমৰ যাতন। ভাৰক--চিন্তাশীল। [ মানুহ ভাবুক অৰ্থাৎ চিন্তা কৰা মানুহৰ স্বভাৱ; এতেকে অন্য ভাৱনা নাভাবি। হে চিন্তাশীল ভাই, ৰামকৃষ্ণকে ভাবা; অৰ্থাৎ ভগৱানৰ নাম স্মৰণ আৰু চিন্তন কৰা; আৰু তেওঁৰ নাম শ্ৰদ্ধাৰে লৈ যমৰ যাতনাৰ হাত সাৰা বা মুক্তি লাভ কৰা। [ ২৩৪ ] ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম। ৰাম কৃষ্ণ হৰি বুলিয়া ভেজিয়ে। ধৰ্ম্ম অৰ্থ মোক্ষ কাম।