পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা [ ২৩১] সদা ৰাম কৃষ্ণ হৰি বোল ভাই তেজিয়া মনে কপট। হৰিৰ তলব চাপিয়া আছে নিকট। লৈয়া যমদূতে কপট-বেঁকা ভাৰ, বাহিৰত এটা, ভিতৰত আন এটা। তলব-আদেশ পৰ। হে ভাই, মনৰপৰা বেঁক। ভাব আঁতৰাই সৰলমনে সদায় ৰাম, কৃষ্ণ, হৰি আদি নাম লোৰ; কিয়নো এই দেহা অস্থায়ী, কেতিয়া পৰে ঠিক নাই; মৃত্যুৰ অধিকাৰী যম ৰজাৰ দুতে হৰিৰ আদেশপত্ৰ হাতত লৈ পাপীসকলক নিবলৈ ওচৰত ৰৈ আছে; অৰ্থাৎ জীৱক নিউ নিউ কৰি যমৰ দুতে চাই আছে অৰ্থাৎ তুমি কেতিয়া মৰা ঠিক নাই; এতেকে একান্তমনে হৰিনাম লোৱা আৰু আগলৈ তুমি যমৰ দায়ৰ ৰা মৃত্যুৰ হাত সাৰা। [ ২৩২] ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা ভাই নামে নকৰিবা হেলা। হৰিৰ নামৰ মাজত সমন্তে ভকতি সুখৰ মেলা। ভকতি সুখৰ মেলা-ভক্তিৰসৰ ভঁড়ান্স।