পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৪ সটীক নামঘোষা কৃষ্ণ বোল ভাই [ ২১৮] ৰাম কৃষ্ণ ৰাম তেজিয়া লাজ আলাস। শাস্ত্ৰ আচাৰ্য্যৰ উপাসা কৰিয়া বাসনা কৰা বিনাশ। ধৰ্ম শাস্তুত হৰিনামৰ মাহাত্ম্যকে বৰ্ণনা কৰিছে। আৰু ধৰ্মচাৰ্য অৰ্থাৎ গুৰুৰেও হৰিনাম লবলৈ আদেশ কৰে; এই নাম গলে জীৱে বিষয় বাসনা এৰিব পাৰে। এতেকে তাই, লাজ, এলাহ কাতি কৰি থৈ পৰমেশ্বৰৰ ৰাম-কৃষ্ণ আদি নাম একান্তমনে লোৱা আৰু ধৰ্মশাস্ত্ৰ আৰু উপদেষ্টা গুৰুৰ চৰণত ভক্তি ৰাখি অৰ্থাৎ শাস্ত্ৰৰ নিৰ্ধাৰিত মত ৰক্ষা কৰি পৰমেশ্বৰত আশ্ৰয় লৈ বিষয় বাসনা ত্যাগ কৰা। শাস্ত্ৰ অৰু গুৰুৰ মতে চলি হৰিনাম ললে বিষয় বাসন। আপুনি এৰা দিয়ে।] ২১৯ ] হৰিৰ কীৰ্ত্তন যিজনে নকৰে তাত পৰে নাহি দুখী। হৰি গুণ-নাম সন্তোষ অমৃত পিয়ে যিটো সিটো সুখী। পৰমেশ্বৰ সংসাৰৰ আশ্ৰয়; ৰোগ, শোক, পীড়া, দুখ আদিত তেওঁৰ নামকে লৈ জীৰে অলপ শান্তি পায়; তদুপৰি ঈশ্বৰ-বিশ্বাসী।