পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮২ সটীক নামঘোষ দৰে মায়া; এই ম য়াৰ মোহৰপৰ। অৰ্থাৎ বিষয় বাসনাৰ হাতৰপৰা মুকলি হৈ ভগৱানক লাভ কৰাৰ আন উপায় নাই। [ হৰি কথাত ৰতি হোৱাটোৱেই মাথা এৰি ভগৱান পোৰ প্ৰধান উপায়। [ ২১৫ ] হৰি গুণ-নাম শ্ৰৱণ-কীৰ্ত্তন ভজিয়ে হৰি চৰণ। মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। তাই, পৰমেশ্বৰৰ নাম-গুণ, শ্ৰৱণ-কীৰ্ত্তনেৰে পৰমেশ্বৰত আশ্ৰয় লোৱা; জীৰে মানুহ জন্ম ধৰাৰ উদ্দেশ্য এয়ে, অৰ্থাৎ হৰি গুণ-নাম শ্ৰৱণ-কীৰ্ত্তন কৰি তেওঁত আশ্ৰয় লবলৈ হে, বা মুক্তিলাভ কৰিবলৈহে জীৱে অসংখ্য জন্মৰ পাছত বুদ্ধি-বিবেক থকা মানুহ জন্ম ধৰিছে। শয়ন লোজন আদি কাম জীৰে আন আন জন্মতো কৰিবলৈ পায়, কিন্তু আত্ম-চিন্তা অন্য জীৱনত জীৱৰ নঘটে। কেৱল শ্ৰেষ্ঠ জন্ম এই মনুষ্য জীবনতহে জীৰে এই সুযোগ পাইছে। জীৱে মানৱ-জন্ম ধৰা আচল উদ্দেশ্য হৰিনাম কীৰ্ত্তন কৰি ভগৱানক ভজনা কৰাটোৱে। [ ২১৬ ] যাহাৰ জিহ্বাত থাকয় সতত হৰিৰ নাম মঙ্গল।