পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা মধুৰ মধুৰমেতন্মঙ্গলং মঙ্গলানাং সকলনিগমবল্পী সৎ ফলং চিৎস্বৰূপং। সকপি পৰিগীতং শ্ৰদ্ধা হেল ভৃগুবৰ নৰমাত্ৰং আৰয়েং কৃষ্ণনাম॥ [b] সকল নিগম লতা তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ। সুমধুৰ সুমঙ্গল শ্ৰদ্ধায়ে হেলায়ে লৈয়া নৰমাত্ৰ তৰে ভৱকূপ। ‘নিগম-বেদাদি শাস্ত্ৰ। চৈস্য-চেতনা, সংজ্ঞা। কৃষ্ণনাম চৈতন্য স্বৰূপ-হ্ম স্বৰূপ কৃষ্ণ নাম অৰ্থাৎ ভগৱানৰ নামেই ব্ৰহ্ম, সচ্চিদানন্দ। কুপ-সংসাৰ ৰূপ গত; গাতৰপৰা উঠা যেনে কষ্টকৰ, সংসাৰৰ আমোহ এৰাই মুক্তি লাভ কৰাও তেনে টান। [বেশান্ত, উপনিষদ আদি নিগম শাবোৰ লতাৰ নিচিনা। লাভ-কোমোৰা আদি লতাবোৰে যিদৰে কিছুদুৰ বগাই ফল ধৰে, নিগম শাস্ত্ৰতো পৰমেশ্বৰৰ স্বৰূপ ঠিক কৰিবলৈ নানাৰূপ যুক্তি আদি লেখুৰাই শেষত “হৰিনামেই সত্য বা ব্ৰহ্ম” সিদ্ধান্ত কৰিছে।] সেই নিমিত্তে লতাৰ নিচিন নিগম শাস্ত্ৰবোৰৰ অক্ষৰ, অব্য বা নিত্যফল হৈছে ব্ৰহ্মস্বৰূপ “কৃষ্ণ নাম”।