পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ১৪ ১ দেহ বা শৰীৰ তিনি বিলশৰীৰ, সুশৰীৰ আৰু কাৰণশৰীৰ। মাটি, পানী, তাপ, বায়ু, আকাশ এই পঞ্চভূতৰ ৰূপান্তৰৰ পৰিণতি চকুৰে দেখা কায়াটোকে সুলশৰীৰ বোলা যায়। প্ৰাণ, অপান, সমান, উদান, ব্যাৰ এই পঞ্চপ্ৰাণ, চকু, কাশ, নাক, জিভ, ছাল এই পঞ্চজ্ঞানেন্দ্ৰিয়, হাত, ভৰি, মুখ, শোচ দুৱাৰ, মূত্ৰদুৱাৰ এই পাঁচ কৰ্মেন্দ্ৰি, মন আৰু বুদ্ধি এই সোৰবিধ অঙ্গৰে গঠিত হোৱা দেহক সিঙ্গ বা সূক্ষ্মশৰীৰ বোল। যাৰ আদি নাই, কখাৰে বাক প্ৰকাশ কৰিব নোৱাৰি, সেই অবিদ্যা বা মায়াক কাৰণদেহ বোলে। দেহৰ খলপ পাঁচটা—তাক পঞ্চকোষ বোলে। যেনে—অময়কোষ, প্ৰাণময়কোষ, মনোময়কোষ, বিজ্ঞানময়কোষ আৰু আনন্দময়কোষ। পিতৃ-মাতৃয়ে থোৰা অৰপৰা উৎপন্ন হোৱা আৰু অনেৰে বঢ়া স্কুলশৰীৰক অনুময়কোষ বোলে। ওপৰত উল্লেখকৰা প্ৰাণাদি পঞ্চবায়ু আৰু পঞ্চকৰ্ম্মেন্দ্ৰিয়ৰ দ্বাৰা দেহৰ কৰ্ম সাধন হয়; সেইকাৰণেই এই দহোটাৰ সমষ্টিক প্ৰাণময়- কোষ বলে। মই কৈছো, মোৰ পিয়াহ লাগিছে” ইত্যাদি এণময়কোষৰ ধৰ্থ। পঞ্চজ্ঞানেন্দ্ৰিয়ৰ সৈতে মনক মনোময়কোব বোলে। মনোমৰ কোষৰ ধৰ্ম হৈছে সন্দেহ। পঞ্চজ্ঞানেন্দ্ৰিয়ৰ সৈতে বুদ্ধিৰ নাম বিজ্ঞানময়কোষ। এই কোষৰ দ্বাৰাই “মই কৰিছোঁ, মই খাইছে।” আদি অভিমান জন্মে। কাৰণ শৰীৰকে আনন্দময়কোষ বোলে; এই কোষৰদ্বাৰা হ্য, আমোদ জন্মে; অৰ্থাৎ হৰ্ষ, আমোদ আমি মায়াৰ ধৰ্ম্ম।