এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
সটীক নামঘোষা
কৰাত ঈশ্বৰ তেওঁৰ হৃদয়ত উদয় হৈ সদায় আনন্দ দিয়ে। এই কাৰণে “ৰাম” পদে আচলতে পৰম ব্ৰহ্মকে বুজায়; শাস্ত্ৰত থকা ৰাম নামৰ এয়ে অৰ্থ।
আত্ম-উপদেশ
ৰুদ্ৰৰূপেণ সংহৰ্ত্তা বিশ্বনামপি নিত্যশঃ।
ভক্তানাং পাৱকো যে। হি হৰিন্তেন প্ৰকীৰ্ত্তিতঃ॥ ১৫৫
দুলড়ী
[ ১৫৫]
স্মৰণ মাত্ৰকে যিহেতু দুৰ্ঘোৰ
সংসাৰ দুঃখ হৰন্ত।
এহি হেতুতেসে ঈশ্বৰক হৰি
বোলয় যত মহন্ত।
পৰমেশ্বৰৰ নাম স্মৰণ কৰিলে ( একান্তমনে মনত ভাবিলে) সংসাৰ
দুখ গুচে অৰ্থাৎ, সংসাৰত জন্মি ৰোগ, শোক, দুধ, তাপ ভুঞ্জিব
নালাগে বা মুক্তি হয়; এই কাৰণেই সাধুসকলে ঈশ্বৰক দুখ হৰণ
কৰোতা “হৰি” বোলে। [ স্মৰণ মাত্ৰকে গজেন্দ্ৰৰ দুখ মোচন
কৰিবলৈ হোৱা অৱতাৰৰ নাম ‘হৰি”।]